শাওনৰ বৰষুণজাক ওভতাই আনা

(পুলক জ্যোতি শৰ্মা)

শাওনৰ আকাশখনলৈ পুৱাই চালোঁ মূৰ তুলি

এয়াতো মোৰ আশৈশৱ চিনাকি কলীয়া ওন্দোলামুখীয়া শাওনীয়া আকাশখন নহয়

অ'ত ত'ত সিচঁৰিত একোচমকা ডাৱৰে

তীখৰ বেলিটোক ঢাকিব পৰা নাই

আকাশত মোৰ চিনাকি শাওন নাই


তথাপি আশাপালি থাকিলোঁ আবেলিলৈকে

ডাৱৰবোৰ একগোট হ'ব

বেলিটোৰ আগত আঁৰকাপোৰ তৰিব

আৰু টোপাটোপ বৰষুণ হৈ মাটিলৈ নামি আহিব

এচাটি সেমেকা বতাহ বলিব

নিজৰাই কলকলাব

পথাৰে সঁজাল ধৰিব


সন্ধিয়ালৈ আশাত চেঁচাপানী

গা চাটিফুটি মনত চিন্তাৰ অগনি

ডবাপিটা এজাক ঢালিবলৈ শাওনৰ নাই আজি শকতি

শাওনৰ সৈতে বোলে শেষ হওঁ হওঁ বৰষাৰ যুগ যুগৰ মিতিৰালি

মানুহে লগোৱা জগৰত তাপিত আকাশ বতাহ ধৰিত্ৰী


আকাশত শাওন নাই

কথাটো এতিয়াও যেন তেনেকৈ কাৰো গাত লগা নাই

উত্তাপত বুকুৰ বৰফো গলা নাই

অৰণ্যৰ সৈতে সম্বন্ধত মেলিছে বহল ফাঁট

সেই ফাঁটেৰেই শাওনক আঁতৰাই আগুৱাইছে সভ্যতাৰ অশ্বমেধ বাট


হে অগ্ৰজ কবি ক্ষেমিবা

সৃজনৰ আবেগত হাবি কাটি নগৰ সজা কথা আৰু ন'কবা

দেশখন হাবি গুছি ফুলবাৰী হোৱাৰ কামনাও নকৰিবা

তোমাৰ কলমেৰে সকলোৰে বুকুত বৰ বৰ আখৰেৰে লিখি দিয়া

সৃজনৰ আবেগত গভীৰ অৰণ্য গঢ়া

বনৰ ফুলেৰেই দেশৰ জেউতি চৰোৱা

হাবিবোৰক হাবি হৈয়েই থাকিবলৈ দিয়া

শাওনৰ সৈতে বৰষাৰ মিতিৰালিৰ দিনবোৰ সযতনে ৰাখা

শাওনৰ বৰষুণজাক ওভতাই আনা


********